![]()
নিউজ ডেস্কঃ
ৰাজ্যত বন্ধ হ’ব মাদ্ৰাছা শিক্ষা৷ মাদ্ৰাছাবোৰ ৰূপান্তৰিত হ’ব সাধাৰণ শ্ৰেণীৰ স্কুললৈ৷ আজি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত এই কথা ঘোষণা কৰে৷ মাদ্ৰাছা আৰু সংস্কৃত টোলৰ ওপৰত তেওঁ প্ৰকাশ কৰে কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ মাদ্ৰাছা সম্পৰ্কত তেওঁ কয় যে এতিয়াৰে পৰা ধৰ্মীয় শিক্ষাৰ অৱসান ঘটিব মাদ্ৰাছাসমূহত৷ আঁতৰি যাব হাই মাদ্ৰাছা শব্দটো৷ আনহাতে, মাদ্ৰাছা পাঠ্যক্ৰমত বৰ্তমান প্ৰচলিত কোৰাণ বিষয়ৰ ৫০ নম্বৰৰ পৰীক্ষা বাদ পৰিব৷ উল্লেখ্য যে ৰাজ্যত মাদ্ৰাছা বোৰ্ডৰ অধীনত আছে ৪খন কলেজ, ৫৪২খন চৰকাৰী মাদ্ৰাছা, ১৪১খন হাই মাদ্ৰাছা৷ চৈয়দ চাদুল্লা প্ৰধানমন্ত্ৰী হৈ থাকোতে আৰম্ভ হৈছিল মাদ্ৰাছা শিক্ষা৷
আনহাতে, ২০২২ত মাদ্ৰাছা বোৰ্ড ভংগ কৰা হ’ব বুলি ঘোষণা কৰি শিক্ষামন্ত্ৰীয়ে কয় যে ২০২২ চনৰ পৰা আৰু অনুষ্ঠিত নহয় হাই মাদ্ৰাছা পৰীক্ষা৷
আজিৰ সংবাদমেলত সংস্কৃত টোলৰ ক্ষেত্ৰতো গ্ৰহণ কৰা কেইটামান কেবিনেট সিদ্ধান্তৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰীয়ে৷ এতিয়াৰে পৰা ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব সংস্কৃত টোলবোৰ৷ উল্লেখ্য, বৰ্তমান ৰাজ্যত ৯৭খন সংস্কৃত টোল আছে৷













