![]()
নিউজ ডেস্কঃ
মঙলবাৰে বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰিব প্ৰমোদ বড়োই৷ শপত গ্ৰহণ কৰিব বিটিচি পৰিষদৰ ৭জন কাৰ্যবাহীয়ে৷ কিন্তু তাৰ প্ৰাকক্ষণত বিপিএফৰ অভিযোগ, এই পৰিষদ সম্পূৰ্ণ অসাংবিধানিকভাৱে গঠন কৰিব লৈছে বিজেপিয়ে ৷
আজি নতুন বিটিচি পৰিষদ গঠনক লৈ সৰৱ হৈ পৰে ১৭ বছৰ ধৰি বিটিচিৰ শাসনত থাকি এইবাৰ ক্ষমতাচ্যুত হোৱা বিপিএফ দল৷ তেওঁলোকৰ অভিযোগ, বিজেপি-ইউপিপিএলে সম্পূৰ্ণ অসাংবিধানিকভাৱে গঠন কৰিবলৈ আগবাঢ়িছে বিটিচি পৰিষদ৷ যিহেতু বিটিচি পৰিষদত কোনো দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই আৰু কোনো দলেই নিৰ্বাচন পূৰ্বৰ জোঁট গঠন কৰা নাই৷ সেয়ে একক বৃহৎ দল হিচাপে বিপিএফক চৰকাৰ গঠনৰ বাবে আহ্বান জনাব লাগিছিল ৰাজ্যপালে৷ উল্লেখ্য সদ্যঘোষিত বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফে ১৭খন আসন দখল কৰি একক বৃহৎ দল হিচাপে পৰিগণিত হৈছে৷
আনহাতে, চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ২১খন আসনৰ৷ সেয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়া মতে ৰাজ্যপালে বিপিএফক চৰকাৰ গঠনৰ বাবে আহ্বান জনাব লাগিছিল৷ আৰু সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰাৰ বাবে সুবিধা প্ৰদান কৰিব লাগিছিল৷ কিন্তু সেইটো নকৰি নিৰ্বাচনৰ পিছত মিত্ৰতা স্থাপন কৰা বিজেপি-ইউপিপিএল-জিএছপিক চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰা হৈছে৷ বিপিএফৰ দাবী, এয়া সম্পূৰ্ণ অসাংবিধানিক আৰু অগণতান্ত্ৰিক৷ বিজেপিয়ে বাহুবলেৰে চৰকাৰ গঠন কৰাৰো অভিযোগ তোলে বিপিএফে৷ সেয়ে এই অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো ভাবুকি প্ৰদান কৰিছে বিপিএফে ৷













