![]()
শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত থাওৰা দৌলৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৰাণৰ পৰা শিৱসাগৰ অভিমুখে AS-06-M-0598 নম্বৰৰ এল্টো গাড়ীখন গৈ থকা অৱস্থাত পিছফালৰ পৰা শিলভৰ্তি JH-09-AK-1636 নম্বৰৰ গাড়ীখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত এল্টো গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই একে দিশৰ পৰা গৈ থকা AS-06-BC-0230 নম্বৰৰ যাত্ৰীবাহী বাছখনত খুন্দা মাৰে। কথমপি প্ৰাণ ৰক্ষা দুই আৰোহীৰ; শেষলৈ ডিমৌ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উক্ত দুই আৰোহীক উদ্ধাৰ কৰাৰ লগতে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।













