![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অনুষ্ঠিত হৈ আছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাস মহোৎসৱকলৈ লোকাৰণ্য প্ৰতিখন ৰাসস্থলী। লংকাৰ তিনিআলিত ৰাস মহোৎসৱকলৈ অনন্য পৰিৱেশ। ঐক্য, সমন্বয় আৰু সম্প্ৰীতিৰে উদ্ভাসিত লংকাৰ তিনিআলিৰ ৰাস মহোৎসৱ। অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান নাহৰ সমন্বয় গোষ্ঠীয়ে বিলালে সমন্বয়ৰ বাৰ্তা। ৰাস মহোৎসৱত প্ৰতিফলিত হৈ পৰিল অসমৰ ৭টাকৈ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি। বড়ো, ৰাভা, তিৱা, কাৰ্বি আদি জনগোষ্ঠীৰ যুৱতীক দেখা গ’ল গোপীৰ ৰূপত।
উল্লেখ্য যে, লংকাৰ তিনিআলিৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান নাহৰ সমন্বয় গোষ্ঠীৰ উদ্যোগত ১৩ আৰু ১৪ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত এক অনন্য পৰিৱেশ। শ্ৰীকৃষ্ণই গোপী সৱৰ সৈতে কৰা ৰাসক্ৰীড়াই উপস্থিত দৰ্শকক আপ্লুত কৰি তুলাৰ সমান্তৰালকৈ গোপীৰ ৰূপত দেখিবলৈ পোৱা ৭টাকৈ জনগোষ্ঠীৰ যুৱতীৰ নৃত্যইও এক সুকীয়া মাত্ৰা প্ৰদান কৰিলে ৰাস মহোৎসৱক।
নিজ নিজ জনগোষ্ঠীয় সাজ পৰিধান কৰি এইসকল যুৱতীয়ে অন্যান্য গোপীসকলৰ দৰে কৰি গ’ল ৰাস ক্ৰীড়া। নাহৰ সমন্বয় গোষ্ঠীয়ে উদযাপন কৰা এই দুদিনীয়া ৰাস মহোৎসৱত মুখ্য অতিথিৰূপে উপস্থিত থাকে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে হোজাই জিলাৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ প্ৰতাপ দেৱ ৰয়।












