![]()
আজি বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত লয় প্ৰমোদ বড়োই। তেওঁৰ লগতে শপত গ্ৰহণ কৰে আৰু চাৰিজন পৰিষদে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিৰ সৰ্বাংগীন বিকাশৰ লগতে সকলো জাতি-জনগোষ্ঠী-ধৰ্মৰ লোকৰ সম বিকাশৰ কথা দোহাৰে।












