![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ সময়তে আজি কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে নগদ আঢ়ৈ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে । প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱাৰ ভাগত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা নগাঁও অভিমূখে আহি থকা এখন যাত্ৰীবাহী বাছত অভিযান চলাই নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত জলাহৰ মইনুল ইছলাম নামৰ লোকজনৰ জিম্মাৰ পৰা নগদ আঢ়ৈ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা ধনসমূহ ব্যৱসায়িক কাৰণত অনা হৈছিল বুলি ধৃত লোকজনে জানিবলৈ দিছে। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।













