![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ভয়ঙ্কৰ বিপদৰ পৰা ৰক্ষা পৰিল কাৰবি আংলঙৰ সদৰ চহৰ ডিফু ৷ আজি বিয়লি গ্ৰেণেডসহ এজন যুৱক আটক হোৱাৰ পিছত পোহৰলৈ আহে এই শিহৰণকাৰী ঘটনা ৷ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে এই ঘটনা সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে সদৰ চহৰখনত ৷

এক গোপন সূত্ৰৰ পম খেদি কাৰবি আংলং জিলা উপ-আৰক্ষীৰ অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত এটা অভিযানকাৰী দলে ডিফু ৰে’ল ষ্টেছনত অভিযান চলাই এটা চাইনিজ গ্ৰেণেডসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ যুৱকজন ডিফু ৰে’লৱে কলনিৰ পিনক সুত্ৰধৰ ওৰফে বিজু সুত্ৰধৰ ৪২ বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে জানিব দিয়া অনুসৰি ডিফু ৰে’ল ষ্টেচনত গ্ৰেণেডটোৰে বিষ্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে যদিও যুৱক ডিএনএলএ কেডাৰ হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷












