![]()
ছাইদুল ইছলাম
ডিফু : ডিফুত সংঘটিত হ’ল আন এক লোমহৰ্ষক হত্যাকাণ্ড ! এটা গৰু চুৰিৰ বাবে পথ প্ৰশস্থ কৰিবলৈ সংঘটিত কৰিলে এনে জঘণ্য কাণ্ড ৷ হয় এয়া ডিফু চহৰৰ নাতি দূৰৈৰ লাংছলিয়ট নামৰ ঠাইৰ ঘটনা ৷ এই সন্দৰ্ভত বৰলাংফেৰৰ আৰক্ষীয়ে লাংছলিয়েটৰ পিডব্লিউডি ক’লনিৰ শংকৰ কৰ্মকাৰৰ পুত্ৰ সুৰেশ কৰ্মকাৰ (২৫)ক আটক কৰিবলৈ সক্ষম হৈছে ।
আৰক্ষীৰ সূত্ৰে জানিব পৰা যোৱা ১ মাৰ্চত লাংছলিয়েট নিবাসী মধু প্ৰসাদ (৬৫)য়ে বাঁহনিবাৰীত বাঁহ কাটি থকা সময়ত সুৰেশ কৰ্মকাৰে হাতত দা লৈ তাত উপস্থিতহৈ মধু প্ৰসাদক হাতত লৈ থকা দাৰে মধু প্ৰসাদৰ শিৰচ্ছেদ কৰি হত্যা কৰে আৰু মধুৰ গৰু চুৰি কৰি লৈ যায় ৷ এই সন্দৰ্ভত আৰক্ষীৰ জেৰাত সুৰেশ কৰ্মকাৰে সমগ্ৰ ঘটনা নিজে মুখে স্বীকাৰ কৰা বুলি জানিবলৈ দিছে ৷ ধৃত সুৰেশৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰলাংফেৰ থানাৰ অচি অকণ টেৰণে সংগীয় ষ্টাফসহ বাঁহনিবাৰীৰ পৰা মধু প্ৰসাদৰ মুণ্ড বিচ্ছিন্ন মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ধৃত সুৰেশ কৰ্মকাৰক ডিফু ন্যায়িক আদালতত আজি হাজিৰ কৰে বুলি জানিব পৰা গৈছে ৷












