![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মিঃ কেৱাইএফ ২০২১ৰ বিজয়ীসকলৰ মাজত আজি আনুষ্ঠানিকভাবে বঁটাসমূহ প্ৰদান কৰা হয় ৷ ডিফু চহৰৰ মাজ মজিয়াৰ ৰুফ টপ ৰেষ্টুৰেণ্টত বঁটা প্ৰদান কৰা হয় ৷ ২০১৯ চনৰ পৰা কেৱাইএফৰ লগত সংগতি ৰাখি একেৰাহে তিনিবছৰ ধৰি এই মিঃ কেৱাইএফ প্ৰতিযোগিতা আয়োজন কৰি আহিছে ইউনাইটেড কাৰ্বি ইয়ুথ এছ’চিয়েচন চমুকৈ ইউকেৱাইএই ৷ ২০২১ বৰ্ষৰ ৪৭ সংখ্যক কাৰবি যুৱ মহোৎসৱত অনুষ্ঠিত কৰা মিঃ কেৱাইএফ প্ৰতিযোগিতাত প্ৰাইজমনি হিচাপে প্ৰথম পুৰষ্কাৰ হিচাপে ৩০ হাজাৰ টকা লাভ কৰে বলৰাম ৰংপিয়ে, দ্বিতীয় পুৰষ্কাৰ হিচাপে ২০ হাজাৰ টকা লাভ কৰে বিজয় তিমুঙ আৰু তৃতীয় পুৰষ্কাৰ হিছাপে ১০ হাজাৰ টকা লাভ কৰে ৰাহুল বৰদলৈ ৷

আনহাতে, ২০২০ বৰ্ষৰ মিঃ কেৱাইএফত মুখবধিৰ প্ৰতিযোগী হিচাপে ৭ নম্বৰত প্ৰতিযোগিতা কৰা সুন্দৰ ছিংনাৰৰ অকাল মৃত্যুৰ বাবে আয়োজকসকলে ৭ নম্বৰ প্ৰতিযোগীৰ বঁটা সুন্দৰৰ নামত উচ্ছৰ্গা কৰিছে ৷ এইবাৰৰ প্ৰতিযোগিতাকালীন অৱস্থাত খেলুৱৈগৰাকীৰ নামত ১ মিনিট সময় মৌনতা অৱলম্বন কৰাৰ লগতে তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে বন্তি প্ৰজ্বলনো কৰা হৈছিল বুলি উদ্যোক্তাসকলৰ পৰা জানিব পৰা গৈছে ৷
আনহাতে, ইউকেৱাইএৰ সভাপতি ৱাৰলংকি ডেৰাই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি ৩ বছৰ পিছত কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষত বিজয়ী বঁটাৰ প্ৰাইজমনিৰ পৰিমাণ বৃদ্ধি কৰি ১ লাখ টকা কৰা হ’ব বুলি জনায় ৷ ইয়াৰোপৰি প্ৰতিযোগিতা সফল কৰাৰ বাবে শুভাকাংখী সকলক কৃতজ্ঞতা প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ৷












