![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা ২৩ ফেব্রুৱাৰীত গুৱাহাটীৰ শংকবদেৱ কলাক্ষেত্রত ৰাজ্যৰ মুখ্যমন্ত্রীৰ উপস্থিতিত কাৰ্বি আংলং জিলাৰ কেইবাটাও উগ্রপন্থী সংগঠনে আনুষ্ঠানিক অস্ত্র সম্বৰণ কৰাৰ পিছতে ২৫ ফেব্রুৱাৰীত কেন্দ্রীয় গৃহমন্ত্রীৰ উপস্থিতিত চুক্তি স্বাক্ষৰিত হোৱাৰ কথা আছিল যদিও উক্ত দিনটোত কোনো চুক্তিত স্বাক্ষৰিত হোৱা পৰিলক্ষিত নহ’ল। ইয়াৰ পৰিৱর্তে বিদ্রোহী সংগঠনসমূহে ডিফুত এক সংবাদমেলৰ আয়োজন কৰি আলোচনা সঠিক দিশত অগ্রসৰ হোৱাৰ লগতে অতি শীঘ্রে চৰকাৰৰ সৈতে সংগঠনসমূহৰ শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰো নিশ্চিতি প্রদান কৰিছিল। কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে কার্বি আংলং জিলাৰ বিদ্রোহী সংগঠনসমূহৰ শাস্তিচুক্তি স্বাক্ষৰিত হোৱাৰ এনে প্রক্রিয়া অব্যাহত থকাৰ সময়তে আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি প্রস্তাৱিতত শান্তি চুক্তি প্রসংগত কেতবোৰ আশংকা ব্যক্ত কৰিছে জিলাখনৰ বিভিন্ন সামাজিক দল-সংগঠনৰ উমেহতীয়া মঞ্চ কনভেনিং কমিটি ফৰ ইউনিফিকেশান চমুকৈ চিচিইউৰে। চিচিইউৰ মুখ্য আহ্বায়ক ছয়ছিং ৰংপি, উপদেষ্টা খৰছিং টেৰণৰ উপস্থিতিত সংবাদমেল সম্বোধন কৰি চিচিইউৰ উপ-সভাপতি ৰবীন্দ্র ৰংপিয়ে সশস্ত্র পন্থা ত্যাগ কৰি শান্তি আলোচনাৰ বাবে অগ্রসৰ হোৱা বিদ্রোহী সংগঠনসমূহৰ এনে সিদ্ধান্তক চিচিইউৰ তৰফৰ পৰা আদৰণি জনোৱাৰ লগতে এই সম্পর্কত গ্রহণ কৰা সক্রিয় ভূমিকাৰ বাবে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙকো প্রশংসা কৰে।
কার্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত চলি থকা আন্দোলনৰ পৰিপ্রেক্ষিততে এএছডিচিৰ সৈতে ১৯৯৫ চনত এম অ ইউ আৰু ২০১১ চনত ইউ পি ডি এছব সৈতে এম অ এছ চুক্তি স্বাক্ষৰিত হৈছে যদিও উক্ত দুয়োখন চুক্তিতে জিলাখনৰ মূল ৰাজনৈতিক দাবীক অগ্রাহ্য কৰা হল বুলি নেতাগৰাকীয়ে কয়। তেনেস্থলত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বিদ্রোহী সংগঠনসমূহৰ সৈতে স্বাক্ষৰ কৰিবলগীয়া চুক্তিত এলেকাটোৰ মূল ৰাজনৈতিক দাবী পূ্ৰণৰ কোনো ব্যৱস্থা নাথাকিলে এনে চুক্তি জিলাখনৰ সাধাৰণ জনতাই কোনো কাৰণতে মানি নলয় বুলি উপ-সভাপতিগৰাকীয়ে আশংকা প্রকাশ কৰে। ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰাৰ অধীনত এখন স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবী কেৱল কোনো ব্যক্তি বা সংগঠনবিশেষৰ দাবী নহয় বৰঞ্চ ই সমগ্র পাহাৰীয়া জিলাবাসীৰ সাংবিধানিক, গণতান্ত্রিক আৰু দীর্ঘদিনীয়া বাজনৈতিক দাবী বুলি মন্তব্য কৰি জিলাখনৰ ৰাজনৈতিক সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক জিলাখনৰ সকলো দল সংগঠনকে আস্থাত লৈ জিলাখনৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে মঞ্চই দাবী জনায়। কার্বি আংলংঙৰ ৰাজনৈতিক দাবী সন্দর্ভত ৰাষ্ট্রীয় ৰাজনৈতিকৰ স্থিতিক কঠোব ভাষাৰে সমালোচনা কৰি বিজেপি চৰকাৰ স্বায়ত্তশাসিত ৰাজ্যৰ সপক্ষে নহয় বুলি ক্ষোভ প্রকাশ কৰে। ৰাষ্ট্রীয় দলসমূহ দলটোৱে স্বায়ত্তশাসিত ৰাজ্যৰ প্রসংগ উল্লেখ কৰা বিজেপি দলে পাহাৰীয়া জিলাবাসীক প্রতাৰণা কৰা বুলিও ৰংপিয়ে অভিযোগ কৰে। ৰাষ্টীয় দলসমূহ কার্বি আংলঙৰ ৰাজনৈতিক সমস্যা সমাধানৰ বাবে মুঠেই আগ্রহী নহয় বুলি মন্তব্য কৰি ইয়াৰ প্রত্যুত্তৰ হিচাপে এক বিকল্প ৰাজনৈতিক শক্তি গট়ি তোলাৰ স্বার্থত স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত সহমত সকলো ৰাজনৈতিক শক্তিকে ঐক্যবদ্ধভাবে সমাগত নির্বাচনত বিজেপি দলৰ বিৰুদ্ধে একগোট হৈ দিয় দিয়াৰ বাবে আহ্বান জনায়। বিধানসভাৰ মজিয়াতো কার্বি আংলঙৰ সমস্যাৰাজীক দাঙি ধৰাৰ ক্ষেত্রতো জিলাখনৰ পৰা বিধানসভালে নির্বাচিত হোৱা সদস্যসকলেও কোনো ভূমিকা গ্রহণ নকৰিলে বুলি মন্তব্য কৰে।
আনহাতে, বিদ্ৰুোহী সংগঠনসমূহৰ সৈতে স্বাক্ষৰিত হবলগীয়া চুক্তি সমন্দর্ভত মন্তব্য কৰি নেতাগৰাকীয়ে লগতে স্বায়ত্বশাসিত ৰাজ্য অবিহনে এনে কোনো চুক্তিৰ যুক্তিযুক্ততা নাই বুলিও স্পষ্ট মত প্রকাশ কৰে। প্রস্তাৱিত চুক্তিয়ে জিলাখনৰ সকলো গুৰুত্বপূর্ণ ৰাজনৈতিক সমস্যাক সামৰি লব পাৰিবনে বুলিও ৰংপিয়ে লগতে আশংকা প্রকাশ কৰে। চুক্তি সন্দৰ্ভত জিলাখনৰ সকলো দল-সংগঠন সম্প্রতি সম্পূর্ণ অন্ধকাৰত থকা বুলি মন্তব্য কৰি এইক্ষেত্রত জিলাখনৰ সকলো সামাজিক দল-সংগঠনক আস্থাত লৈ আগবাটি যোৱা উচিত বুলি ৰংপিয়ে পৰামর্শ প্রকাশ কৰে। ইয়াৰ বিপৰীতে বিদ্রোহী সংগঠনসমূহৰ সৈতে আলোচনাৰ মাজেৰে হঠাতে স্বাক্ষৰিত হোৱা কোনো চুক্তিত কাৰ্বি আংলঙ জিলাৰ বাবে ক্ষতিকাৰক কোনো বিষয় অন্তর্ভুক্ত হলে চুক্তি স্বাক্ষৰিত হোৱাৰ ক্ষেত্রত আগভাগ লোৱা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ ইয়াৰ বাবে জগৰীয়া হ’ব বুলি সংবাদমেলত ৰংপিয়ে সকীয়নি প্রদান কৰে ৷













