![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আংলং আৰু ডিমা হাচাও জিলাৰ আঞ্চলিক দল এএছডিচি যেন এতিয়া হতাশগ্রন্থ। দলটোৱে বিজেপিক বাধা দিয়াৰ বাবে কংগ্রেছৰ মহাজোঁটত অন্তর্ভুক্ত হোৱাৰ আশা কৰিছিল যদিও কংগ্রেছে দলটোক কোনো গুৰুত্ব নিদিলে। কিছুদিন পূর্বে দলটোৱে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ লগত বুজাবুজি কৰিছিল যদিও বিজেপিক পাহাৰত ভেটা দিয়াৰ স্বার্থত কংগ্রেছ মহাজোঁটত সোমাবাৰ বাবে চেষ্টা কৰিছিল। কিন্তু কংগ্রেছে সেই প্রস্তাৱ প্রত্যাখ্যান কৰিলে।
একেদৰে আন এটা আঞ্চলিক দল এপিএইচ এলচিয়েও এএছডিচিৰ লগত বুজাবুজি নকৰাত দলটোৱে এতিয়া ৪টা সমষ্টিত অকলেই যুঁজ দিয়াৰ বাবে সাজু হৈছে। আজি এক সংবাদমেলত দলটোৰ মুখপাত্র ডেনিয়েল টেৰণে এই বিষয়ে অৱগত কৰি কয় যে বিজেপিক প্রতিহত কৰাৰ বাবে কংগ্রেছ ছিৰিয়াচ নহয়। যেন পাহাৰত কৰবাত পাহাৰৰ কংগ্রেছ বিজেপিৰ বুজাবুজিহে আছে।
এই কথা তেওঁ কোৱা নাই যদিও তেওঁৰ বক্তব্যত তেনে এক ইংগিতেই পোৱা গ’ল। জিলা কংগ্রেছৰ সভাপতি প্রাক্তন মন্ত্রী খৰছিং ইংতিয়ে প্রদেশ কংগ্রেছৰ লগত আলোচনা কৰি এএছডিচিক জনোৱাৰ কথা আছিল। দলটোৱে এটা ভাল খবৰ পাব বুলি আশা কবি আছিল যদিও আজি খৰছিং ইংতিয়ে এএছডিচিৰ লগত বুজাবুজি নহয় বুলি স্পষ্ট কৰি দিলে। ইয়াৰ পিছতে এএছডিচি দলে এক সংবাদমেল সম্বোধন কৰি ক্ষোভ উজাৰে। কংগ্রেছৰ এই সিদ্ধান্তৰ পিছত পাহাৰৰ পাঁচখন আসনত বিজেপিক ৱাক অভাৰ দিবলৈ যেন কংগ্রেছ সাজু তাকে লৈ এতিয়া পাহাৰৰ ৰাজনৈতিক মহলত চর্চা চলিছে।












