![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নির্বাচনী অধিসূচনা বলবৎ হোৱাৰ পিছৰে পৰা কার্বি আংলঙব ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীয়ে বুজন পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে। মাত্র কেইদিনমানৰ পূর্বে ডিলাই থানাৰ আৰক্ষীয়ে এখন যাত্রীবাহী বাছত অভিযান চলাই আঢ়ৈ লাখকৈ টকা জব্দ কৰাৰ পিছতে আজি পুনৰ ডিলাই আৰক্ষীয়ে অভিযান চলাই সাত লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে।
প্রাপ্ত তথ্য অনুসৰি, আজি দিনৰ প্রায় বাৰ বজাত ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা হোজাই অভিমূখী এখন যাত্রীবাহী বাছত নিয়মীয়া তালাচী চলোৱাৰ সময়তে হোজাই নগৰ নিবাসী লখন শ্বাহ নামৰ লোকজনৰ জিন্মাৰ পৰা নগদ সাত লাখ টকা জব্দ কৰে। জব্দ হোৱা ধনসমূহ শ্বাহে ব্যবসায়িক কাৰণত আনিছিল বুলি দাবী কৰিছে। এই সন্দর্ভত তদন্ত অব্যাহত আছে।
আনহাতে, আজি জিলাখনৰ মাঞ্জা আৰক্ষীয়েও অভিযান চলাই এখন ইনভা গাড়ীৰ পৰা বুজন পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। প্রাপ্ত তথ্য অনুসৰি, ডিমাপুৰৰ পৰা গুৱাহাটালৈ এখন ইন’ভা আহি থকা এখন ইনভা বাহনত চলোৱা তালাচীত আৰক্ষীয়ে নগদ ৩,৪৮,৮০০ টকা জব্দ কৰিবলৈ সক্ষম হয়। ধনখিনি সৰবৰাহ কৰি অনা গুৱাহাটীৰ কাহিলীপাৰা নিবাসী সম্রাট দেব নামৰ লােকজনে জব্দ হোৱা ধনসমূহৰ সন্দর্ভত বিশেষ কোনো নথি-পত্র প্রদান কৰিব পৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জব্দ হোৱা ধনৰাশি সন্দর্ভত তদন্ত অব্যাহত আছে।













