![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সৰ্বভাৰতীয় ফুটবল এছচিয়েছনৰ নিৰ্দেশ মৰ্মে, পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ কাছা খেল পথাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম ফুটল সন্থাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰেফাৰীৰ উন্নীতকৰণ আৰু শাৰিৰীক সক্ষমতা পৰীক্ষা ৷ কাৰবি আংলঙ ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত কৰা পৰীক্ষাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০ গৰাকী পৰীক্ষাৰ্থী উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে, ইয়াৰে চাৰিগৰাকী মহিলা ৷

ডিফুৰ অত্যাধুনিক কাছা ষ্টেডিয়াম খেল পথাৰখনত পুৱাৰে পৰা পৰীক্ষাৰ্থীসকলে শাৰিৰীক সক্ষমতা পৰীক্ষাত অংশগ্ৰহণ কৰিছে ৷ শাৰিৰীক সক্ষমতা পৰীক্ষাৰ পিছতেই পৰীক্ষাৰ্থীৰ মাজত লিখিত পৰীক্ষা আৰম্ভ হ’ব বুলি অসম ফুটবল সন্থাৰ ৰেফাৰী প্ৰধান দিপক কুমাৰ দে আৰু কাৰবি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পংকজ টেৰণে সাংবাদিকক জানিবলৈ দিছে ৷

ইয়াৰোপৰি কালিলৈও বাৰ্ষিক শাৰিৰীক সক্ষমতা পৰীক্ষাত প্ৰায় ১৭০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব বুলি জানিব পৰা গৈছে ৷ আনহাতে, পৰীক্ষা কেন্দ্ৰটোত অংশগ্ৰহণ কৰা অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ তথা অসম অলিম্পক সন্থাৰ যুটীয়া সম্পাদক আৰু প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেল পৰিচালক হিৰেণ গগৈয়ে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ৰেফাৰীসকলৰ উন্নীতকৰণ আৰু শাৰিৰীক সক্ষমতা পৰীক্ষা অনুষ্ঠিত কৰাত কাৰবি আংলং ক্ৰীড় সন্থাৰ সহযোগ প্ৰশংসনীয় বুলি মন্তব্য কৰে ৷

তেওঁ কয় যে, খেলুৱৈ, প্ৰশিক্ষক, সংগঠকসকলক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্ঠা একোজন সুদক্ষ খেলুৱৈ তথা ফুটবলৰ মানদণ্ড উন্নত কৰিব পাৰি ৷ কাৰবি আংলং জিলাৰ প্ৰথমজন পেছাদাৰী ফুটবল খেলুৱৈ জুৱেল বে’ বৰ্তমান অসম আৰক্ষীৰ ডিএছ পদত থকাৰ লগতে অসম আৰক্ষী ফুটবল দলৰ প্ৰশিক্ষক ৰূপে আছে বুলি জনায় ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনত ক্ৰীড়া পৰিৱেশ সৃষ্টি কৰি ফুটবলৰ উত্তৰণ ঘটাইছে বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীক প্ৰশংসা কৰে অসম ফুটবল সন্থাৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷
ইয়াৰোপৰি উক্ত পৰীক্ষা কেন্দ্ৰত অসম ফুটবল সন্থাৰ ৰেফাৰী সদস্য সকল ক্ৰমে, শশীন্দ্ৰলাল ভূঞা, বুধৰাজ ছেত্ৰী,অমল বৰুৱা, সুশান্ত সেন, জয়ন্ত দহোটীয়া, দিব্যজ্যোতি শৰ্মা, ৰাজেন বসুমতাৰী, ওৱাহিদুৰ জামান, মনোজ গগৈ আৰু প্ৰবীৰ দাস অংশগ্ৰহণ কৰে।













