![]()
ছাইদুল ইছলাম
ডিফু : আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে চিপিআইএমএল (হিলছ) কমিটিয়ে নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ৷ আজি ডিফুস্থিত চিপিআই এমএল (হিলছ)পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰে দলটোৰ সাধাৰণ সম্পাদক ৰবি কুমাৰ ফাংচই ৷ ৰবি কুমাৰ ফাংচই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, বিজেপি দলক সৰ্বশক্তিৰে পৰাস্ত কৰিবলৈ চিপিআইএমএল (হিলছ) পাৰ্টীৰ পৰা কংগ্ৰেছৰ মহাজোঁট বন্ধনত মিত্ৰতা কৰিব বিচাৰিছিল আৰু সেই মৰ্মে দলটোৱো পাৰ্বত্য জিলাৰ পাঁচটা বিধানসভাৰ মুঠ দুটা আসন বিচাৰিছিল ।
অৱশেষত কংগ্ৰেছৰ অনুৰোধ মৰ্মে মাত্ৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ বাবে মানি লৈছিল ৷ যদিও অৱশেষত কংগ্ৰেছে চিপিআইএমএল (হিলছ) পাৰ্টীক এটা আসনো এৰি নিদিলে ৷ সেয়ে কংগ্ৰেছৰ সিদ্ধান্তত অসন্তুষ্ট হৈয়েই আজি ৪ খন বিধানসভা সমষ্টিত ক্ৰমে, ১৭ নং বোকাজান সমষ্টিত আমলং ইংতি, ১৮নং হাওৰাঘাট বিধান সভা সমষ্টিত ৰবি কুমাৰ ফাংচ’ ১৯ নং ডিফু বিধানসভা সমষ্টিত ৰঞ্জিত ক্ৰামছা আৰু ২০নং বিধানসভা সমষ্টিৰ বাবে প্ৰতিমা ইংহিপীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে৷












