![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কৰ্বিআংলং : পশ্চিম কাৰ্বিআংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত ভেলাপাৰাত আজি এটা তহলদাৰী দলে ২ লাখ টকা উদ্ধাৰ কৰে ৷ টকাখিনি লংকাৰ ইনামুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে AS-02AA-3695 নম্বৰৰ এখন কলা ৰঙৰ এল্ট’ গাড়ীৰে বৈঠালাংছ’লৈ বুলি আনিছিল। বৈঠালাংছ’-হোজাই পথৰ ভেলাপাৰাত তহলদাৰী দলটোয়ে চলাই থকা তালাচিত এই ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে লংকাৰ তাজউদ্দিন নামৰ এগৰাকী ঠিকাদাৰে বৈঠালাংছ’লৈ প্ৰেৰণ কৰিছিল এই ধনখিনি।













