![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
নীলবাগানৰ ৰাজপথত ভয়ংকৰ মবলিংছিঙৰ ঘটনা সংঘটিত হৈছে। ৰাজপথত খেদি খেদি প্ৰহাৰ কৰিছে এগৰাকী যুৱকক ! চালকৰ ডিঙি কাটি গাড়ী চুৰি কৰা বুলি উৰা বাতৰি বিয়পাই দিছিল এজন লোকে ! তাৰ পাছতেই একাংশ উত্তেজিত লোকে আটক কৰে লোকজনক ! লগে লগে নীলবাগানৰ ৰাজপথ উত্তপ্ত হৈ পৰে ! গুৰুলা গুৰুলকৈ আক্ৰমণ কৰা হয় এগৰাকী যুৱকক ! দিলোৱাৰ হুছেইন নামৰ এই যুৱক জনক খেদি খেদি প্ৰহাৰ কৰা হৈছে ! আক্ৰমণৰ বলি হোৱা দিলোৱাৰ হুছেইনৰ ঘৰ লংকাৰ উদালীত বুলি জানিব পৰা গৈছে। উদালীৰ দিলোৱাৰ হুছেইনক এইদৰে আক্ৰমণ কৰা হৈছে। উৰা বাতৰি বিয়পাই দিয়া লোককেইজনৰ নামো ইতিমধ্যে আহি পৰিছে আমাৰ হাতত ! গিয়াছ উদ্দিন আৰু মইন উদ্দিন নামৰ লোক দুজনে বিয়পাই দিছিল গাড়ী চুৰিৰ উৰা বাতৰি।
উৰা বাতৰিৰ বিয়পোৱা গিয়াছ উদ্দিন আৰু মইন উদ্দিনৰ ঘৰ পশ্চিম নীলবাগানত ! এই লোক দুজনে বিয়পাই দিয়া উৰা বাতৰিৰ ভয়ংকৰ ঘটনাৰ পৰা দিলোৱাৰ হুছেইন নামৰ লোকজনৰ প্ৰাণ কথমপি ৰক্ষা পৰিল! আচলতে এই সমগ্ৰ ঘটনা পৰিকল্পিতভাবে কৰা হৈছে। টকাৰ লেনদেনক লৈ দুই শালপতিৰ মাজত সংঘঠিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ! উত্তপ্ত পৰিস্থিতিৰ সময়ত দিলোৱাৰ হুছেইনৰ পত্নীয়ে ৰাজপথত ভাগৰি ভাগৰি স্বামীৰ প্ৰাণৰ ভিক্ষা বিছাৰিছিল ! সম্পূর্ণ পৰিকল্পিতভাৱে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ঘটনাটো !
অৱেশষত নীলবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে দিলোৱাৰ হুছেইন নামৰ যুৱকজনক। লগতে কপিল উদ্দিন আৰু গিয়াছ উদ্দিন নামৰ দুজন লোকক আটক কৰে নীলবাগান আৰক্ষীয়ে ! ভিডিঅ ফুটেজ চিনাক্ত কৰি আৰু বহু লোক আটক হোৱাৰ সম্ভাৱনা আছে ! দিলোৱাৰ হুছেইন নামৰ উদালীৰ লোকজনক আক্ৰমণ কৰি থকাৰ সময়তে দিলোৱাৰ হুছেইনৰ মাতৃ আৰু পত্নীয়ে চিঞৰি চিঞৰি ঘটনাৰ বিৱৰণি কৰে। কপিল উদ্দিন নামৰ নিজ খুলশালীয়ে পৰিকল্পিতভাৱে ঘটনা সংঘটিত কৰাৰ অভিযোগ কৰে ! নীলবাগান আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই কপিল উদ্দিন আৰু গিয়াছ উদ্দিনক আটক কৰিবলৈ সক্ষম হয় যদিও মইন উদ্দিন নামৰ লোকজনে পলায়ন কৰে। আটক কৰা কপিল উদ্দিন নামৰ লোকজনৰ ঘৰ তাৰকাটা গাৱত আৰু গিয়াছ উদ্দিনৰ ঘৰ পশ্চিম নীলবাগানত !












