![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নগা দুষ্কৃতিকাৰীৰ তৎপৰতা বৃদ্ধি পাইছে ৷ ইয়াৰ সমান্তৰালকৈ অসম আৰক্ষীয়ে নগা দুৰ্বৃত্তৰ বিৰুদ্ধে সীমান্তত লাভ কৰিবলৈ সক্ষম হৈছে একাধিক সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু উপ-পৰিদৰ্শকদ্বয় চৰণ মোহন চেতিয়া আৰু মৃদুল ৰুদ্ৰ পালৰ সহযোগত খটখটী থানা এলেকাৰ জনকপুখুৰী পকী ফিল্ডৰ ওচৰত এক নাকা তালাচী চলায় ৷
আজি বিয়লি ১ বজাৰ তালাচী কালত আৰক্ষীয়ে NK-07 E-B0788 পঞ্জীয়ন নম্বৰৰ এখন স্কুটীৰ পৰা এটা .২২ পিষ্টল, এটা মেগাজিন আৰু ..২২ পিষ্টলৰ দুই জাঁই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে নাগালেণ্ডৰ জুনেবুট’ৰ হচিথ’ছেমাৰ পুত্ৰ আছকা ছেমা (২০)ক আটক কৰিবলৈ সক্ষম হয় ৷













