![]()
ছাইদুল ইছলাম
ডিফু : সাংবাদিকৰ তৎপৰতাত ডিফু চহৰত কালি সন্ধিয়া এক বৃহৎ আকাৰৰ কাছ উদ্ধাৰ কৰা হৈছে । জানিব পৰা মতে কালি বিয়লি ডিফু চহৰত হোৱা প্ৰচণ্ড বৰষুণৰ পিছতে সন্ধিয়াৰ ভাগত চহৰখনৰ মাটিপুং এলেকাত স্থানীয় লোকসকলে এটা বৃহৎ কাছ প্ৰত্যক্ষ কৰে । উক্ত এলেকাতে বসবাস কৰা ডিফুৰ জ্যেষ্ঠ সাংবাদিক আছাবুৰ ৰহমানৰ তৎপৰতাত পিছত কাছটো বন বিভাগক চমজাই দিয়া হয়। উদ্ধাৰ হোৱা কাছটোৰ ওজন ৩০ কিঃগ্ৰাঃৰ অধিক বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে সমীপত কোনো জলাশয় নথকা মাটিপুঙৰ পাহাৰীয়া এলেকাত এনে বৃহদাকাৰ কাছৰ অৱস্থিতিয়ে স্থানীয় লোকসকলক উৎসুক কৰি তুলিছে । অৱসৰপ্ৰাপ্ত বন বিষয়া ৰঞ্জন বৰুৱাই এই সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি এই বিশেষ প্ৰজাতিৰ কাছই কঠিন শিলৰ মাজতো জীয়াই থাকিব পৰাকৈ সক্ষম। বিৰল প্ৰজাতিৰ কাছবিধ উদ্ধাৰৰ বাবে প্ৰদৰ্শন কৰা তৎপৰতাৰ বাবে সাংবাদিক আছাবুৰ ৰহমানৰো শলাগ লৈছে প্ৰকৃতি প্ৰেমীসকলে। বন বিভাগে উদ্ধাৰ হোৱা কাছটো ডিফুৰ ’ আৰ্বৰেটাম কাম ক্ৰাফট চেন্টাৰ’ত সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে।












