![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সকলো দেশৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙতো ক’ভিড ১৯-য়ে লৈছে ভয়াবহ ৰূপ ৷ কাৰবি আংলঙ জিলাত শেহতীয়াকৈ মুঠ ৭জন লোকৰ দেহত মাৰাত্মক ক’ভিড-১৯ৰ সংক্ৰমণ ঘটিছে বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা ১ মাৰ্চৰ পৰা ১১ এপ্ৰিল পৰ্যন্ত জিলাখনত ১০২ লোকক SWAP সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে ইয়াৰ মাজতে পশ্চিম কাৰবি আংলঙ জিলাৰ খেৰণি অঞ্চলৰ তিনিজনকৈ লোকৰ দেহত ধৰা পৰিছে কভি’ড-১৯ পজিটিভ আনহাতে পূব কাৰবি আংলং জিলাৰ ৪ জনৰ দেহতো ধৰা পৰিছে ক’ভিড-১৯ৰ বীজাণু ৷ ইয়াৰে চাৰিও গৰাকী অসম ৰাইফলচৰ জোৱান ৷ চাৰিওগৰাকীৰে ভ্ৰমণ বৃত্তান্ত আছে বুলি জানিব পৰা গৈছে ৷













