![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
উল্লেখ্য যে, বিগত কিছু দিনৰ পৰা লংকা ৰে’ল ষ্টেচনৰ বাৰ্ডত দিনে নিশাই মালবাহী ৰে’লৰ পৰা ট্ৰাকত আপলোড আৰু আনলোডে কৰি আহিছে ডালমিয়া চিমেণ্ট কাৰখানাত ব্যৱহৃত ফ্লাইছ। উক্ত ফ্লাইছ উঠোৱা-নমোৱা বাবে তাৰ পৰা সৃষ্টি হোৱা ধূলিৰ ফলত অঞ্চলজুৰি সৃষ্টি হৈছে বায়ু প্ৰদূষণ। পৰিবেশ প্ৰদূষণৰ ফলত ৰে’ল ষ্টেচনৰ কাষৰীয়া বহু লোক অচিন বেমাৰত আক্ৰান্তও হ’বলগীয়া হৈছে । সেয়েহে লংকাৰ যুৱ প্ৰজন্মই লংকা ৰে’ল ষ্টেচনৰ কাষৰীয়া অঞ্চলৰ পথৰ সমীপত থকা বেৰত, ষ্টেচনৰ বাৰ্ডত ফ্লাইছ বন্ধ কৰা আৰু পৰিবেশ প্ৰদূষণ ৰোধ কৰাৰ নিমিত্তে কৰে পোষ্টাৰিং।
লগতে, স্থানীয় ৰাইজে উক্ত বিষয় সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বিষয়াৰ হস্তক্ষেপৰ দাবী জনাই । উল্লেখ্য যে, কেইদিন মান পূৰ্বে উক্ত বিষয়ৰ ওপৰতেই লংকা ৰে’ল ষ্টেচনত নিশা স্থানীয় মহিলা ওলাই আহি কৰিছিল প্ৰতিবাদ।












