![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বহু প্ৰত্যাশিত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা বাবে মাজতে ভালেকেইটা দিন বাকী। তিনিটা পৰ্যায়ত ১২৬সমষ্টি প্ৰাৰ্থী ভাগ্য ইতিমধ্যে বন্দী ইভিএমত।
কিন্তু ফলাফল ঘোষণা প্ৰাকক্ষণত মঙলবাৰে গুৱাহাটী দিছপুৰস্থিত নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত উপস্থিত হয় মহাজোঁটৰ নেতৃত্ব লগতে ১০টা সমষ্টি প্ৰাৰ্থীসকলে নির্বাচন আয়োগক ৬দফীয়া দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে। নিখুঁত ভোটগণনা অনুষ্ঠিত কৰা বাবে ভোটগণনা টেবুলত নিয়োগ কৰিব লগা বিষয়াৰ তালিকা প্ৰদান কৰিব লাগে।
উপায়ুক্ত, এছডি’অ আৰু ৰিটাৰ্নি বিষয়াক ষ্ট্ৰং ৰুমৰ পৰা ইভিএম ভোটগণনা কক্ষলৈ উলিয়াই অনা সময়ত ভিডি’অ ৰেকৰ্ডিং কৰিবলৈ নিৰ্দেশ দিব লাগে।
ভোটগণনা আৰম্ভ হোৱা পৰা প্ৰতিখন টেবুলত ভিডি’অ ৰেকৰ্ড হ’ব লাগে।
ষ্ট্ৰং ৰুম খোলা-ইভিএম নিয়া সময়ত প্ৰতিজন প্ৰাৰ্থীৰ নিৰ্দিষ্ট এজেন্ট থকাৰ ব্যৱস্থা কৰি গণনা শেষ নোহোৱালৈকে তাত থকা ব্যৱস্থা কৰিব লাগে।
নির্বাচনী আয়োগক স্মাৰক-পত্ৰ দাখিল কৰি এই কথা জনালে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই।













