![]()
ক’ৰোণাৰ দ্বিতীয়টো ঢৌৱে আগ্ৰাসনত লৈছে এতিয়া প্ৰত্যেককে। ৰাজ্যখনৰ আন আন ঠাইৰ সমান্তৰালকৈ এইবাৰ মৰিগাওঁ জিলাতো এতিয়া দেখিবলৈ পোৱা গৈছে ক’ৰোণাৰ সংহাৰী ৰূপ। জিলা স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্যনুসৰি, জিলাখনত ১০, ১১ আৰু ১২ এপ্ৰিলত ৩২৪৬ গৰাকী লোকক কভিড টেষ্ট কৰাত ১৩ গৰাকী লোকৰ দেহত ক’ৰ’ণা পজিটিভ চিনাক্ত হয়।
জিলাখনৰ এইসকল লোক হৈছে জালুগুটি অঞ্চলৰ নখন্দা গাঁৱৰ লোহিত নাথ (৮০) ,খতেমাই দেৱী (৫৫), কোঁৱৰ গাঁৱৰ প্ৰদীপ চন্দ্ৰ ডেকা (৪৯), তৰালী মেধি ডেকা (৩৮), ৰহাৰ জিন্টু মেধি (২১), জ্যোতিকুছিৰ বিনয় কুমাৰ ৰয় (৫৪), মীৰা নন্দি ৰয় (৪৮), বোৱালগুৰিৰ আজিজুল হক, দলংঘাট ১৬ নং অসম বেটেলিয়ানৰ গগন বৰুৱা (৩৩), কলবাৰীৰ আৰিফা খাতুন (২৪), চাৰিপুণীয়াৰ প্ৰিয়ংকা বৰদলৈ (২৩), এই লোকসকল ঘৰতে থকা অৱস্থাতে ক’ভিডত আক্ৰান্ত হয়।
আনহাতে, আনহাতে অঞ্চলটোৰ নগাবন্ধাৰ আব্দুল্লাহ (২১) আৰু লোচনাবড়িৰ ৰকিবুল ইছলাম (১৬) কেৰলাৰৰ পৰা আহিছিল। হোম কোৱাৰেন্টাইনত থকা অৱস্থাতেই ক’ৰোণাত আক্ৰান্ত হোৱা ফলতেই এতিয়া জিলাবাসী আতংকিত হৈ পৰিছে।













