![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ব’হাগ এটি মাথোঁ ঋতু নহয়, নহয় এটি মাহ, ব’হাগ মানে অসমীয়া জাতিৰ আয়ুস ৰেখা। বহাগ মানেই প্ৰতিজন অসমীয়াৰ সাহস। পুৰণিক পাহৰি নতুনক আদৰাৰ এক প্ৰস্ততি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমীয়াৰ বাপতি সাহোন ৰঙালীক আদৰাৰ প্ৰস্ততিৰে হোজাইৰ এখন ব্যক্তিগত খণ্ডৰ জাতীয় বিদ্যালয়ৰ উদ্যোগত চাৰি দিনীয়া কাৰ্যসূচীৰে বিহু নৃত্য কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে প্ৰতিবছৰৰ দৰে এইবাৰো ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে আয়োজন কৰিছে মুকলি বিহু অনুষ্ঠান। লগতে জাতীয় বিদ্যালয়ৰ উদ্যেগত ২৫ বছৰ পূৰ্তি ৰূপালী জয়ন্তী উৎসৱ ৰঙালী বিহু উদযাপন কৰে।
পুৱাৰে পৰা বিভিন্ন বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়াৰ বাপোতি সাহোন বিহুৰ নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ এনে পদক্ষেপে সচাই অসমৰ ৰাইজৰ মাজত এক বিশেষ বাৰ্তা কঢ়িয়াই আনিছে। কেৱল বিদ্যালয়ত অধ্যয়ন কৰি উচ্চ শিক্ষা লাভ কৰাৰ লগতে ছাত্র-ছাত্ৰীৰ মনত আনন্দৰ উৎস যোগান দিয়া শিক্ষকসকলৰ এক প্ৰহেলিকা তাকেই প্ৰমাণ কৰিলে হোজাই জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই।












