![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত ক’ৰনা প্ৰতিৰোধৰ বাবে তৎপৰ প্ৰশাসন। ডিব্ৰুগড় জিলাত মঙলবাৰ পৰা প্ৰশাসনে বাতিল কৰিছে সকলো বিহু অনুষ্ঠান। দেওবাৰৰ দিনটোত জিলাখনত ২৬গৰাকী ব্যক্তি ক’ৰনাত আক্রান্ত হৈছিল। বৰ্তমান মুঠ জিলাখনত কোভিড আক্রান্ত সংখ্যা ৩০৬জনলৈ বৃদ্ধি পালে।
উল্লেখ যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে তিনিশৰো অধিক কোভিড আক্রান্ত থকা জিলাত বিহু লগতে অন্যান্য সকলো অনুষ্ঠান বাতিলৰ জিলা প্ৰশাসনক নিৰ্দেশ দিছিল। জিলা প্ৰশাসনে আজি আবেলি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিব। কিয়নো বৰ্তমান তিনিশৰো অধিক আক্ৰান্ত চিনাক্ত হৈছে জিলাখনত।
গুৰুত্বপূৰ্ণ কথা এই যে কামৰূপ(ম) জিলাত প্ৰশাসনে ইতিমধ্যে সকলো বিহু অনুষ্ঠান বাতিল কৰিছে।













