![]()
ক’ৰনা ভাইৰাচৰ বাবে বাতিল উজনি অসমৰ প্ৰথমখন বিহু সন্মিলন। অষ্টবিংশতিতম চেপন কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ পূৰ্ব নিধাৰিত সকলো কাৰ্যসূচী বাতিল কৰা কথা ঘোষণা কৰিলে আয়োজক সমিতিয়ে।
জনতাৰ স্বাস্থ্যজনীত নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি ২৬ আৰু ২৭ এপ্ৰিলত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগা সন্মিলনখন বাতিল কৰা কথা জানিব দিয়ে আয়োজক সমিতিয়ে ।
উল্লেখ ঐতিহাসিক চেপন কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ সাংস্কৃতিক সন্ধিয়া মুখ্য আকৰ্ষণ আছিল নৱ প্ৰজন্মৰ হাৰ্টথ শিল্পী জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তৰ অনুষ্ঠান।













