![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা দ্ৰুত বৃদ্ধিত উদ্বিগ্ন ৰাজ্য চৰকাৰ। উজানবজাৰস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জৰুৰী বৈঠক অনুষ্ঠিত কৰে। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, কামৰূপ(ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা প্ৰমুখ্যে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
ৰাজ্যখনৰ শেহতীয়া ক’ভিড দ্ৰুত বৃদ্ধি সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজক আহ্বান কৰি কয়- ‘পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিবলৈ চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিক। অসমৰ প্ৰতিগৰাকীৰ নাগৰিকক ক’ৰনা পৰা ৰক্ষা কৰা আমাৰ প্ৰধান দায়িত্ব’।
জনতাক সামাজিক দূৰত্ব মানি চলি মাস্ক পৰিধান, হাত চেনিটাইজ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।
আনহাতে, মঙলবাৰে মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ক’ৰনা নতুন নিৰ্দেশনা সংবাদমেল যোগে ঘোষণা কৰা কথা বৈঠকৰ অন্তত জানিব দিয়ে।
উল্লেখ জৰুৰী বৈঠকত সকলো দিশ আলোচনা কৰা হৈছে বুলি জানিব দিয়ে সোণোৱালে।
ইফালে ৰাজ্য মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ অনুষ্ঠিত কৰা নকৰা সন্দৰ্ভতো মঙলবাৰে ঘোষণা কৰিব বুলি জানিব দিয়ে।
পূৰ্বৰ দৰে পৰিস্থিতি সৃষ্টি যাতে নহয় তাৰ বাবে ৰাইজে সকলো নীতি-নিৰ্দেশনা মানি চলিব লাগিব বুলি সোণোৱালে লগতে কয়।
আনহাতে, ৰাজ্যত পুনৰ লকডাউন হ’ব নেকি বুলি সাংবাদিকৰ প্ৰশ্নত তেওঁ কয়- তেনে পৰিস্থিতি সৃষ্টি নহ’ব। ৰাইজে নীতি-নিৰ্দেশনা মানি চলক।













