![]()
নগাঁও : কৰ’না ভাইৰাছৰ দ্বিতীয় লহৰে নগাঁও জিলাত ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে। আজিও জিলাখনত ৭২ গৰাকী লোক কোভিড-১৯ত নতুনকৈ আক্ৰান্ত হয়। আজি জিলাখনৰ বিভিন্ন প্ৰান্তত ৩৮৯৬জন লোকক ৰেপিড এণ্টিজেন টেষ্ট আৰু ৯৮জনক আৰ টি পি চি আৰ টেষ্ট কৰা হয়। ইয়াৰ ভিতৰত ৭২ জন লোক কোভিডত আক্ৰান্ত হোৱাতো নিশ্চিত হয়। ইয়াৰে ৬৭জন ৰেপিড এণ্টিজেন টে’ষ্টত আৰু ৫ জন আৰ টি পি চি আৰ টে’ষ্টত কোভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হয়। ইয়াৰে ৯ জনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হস্পিটেলত চিকিৎসাধীন কৰা হৈছে। আন ৬৩ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰা হয় ।
আনহাতে আজি চিকিৎসাধীন হৈ থকা ২০ জন লোক সুস্থ হৈ উঠিছে। আজিলৈকে জিলাখনত কভিড-১৯ৰ দ্বিতীয় লহৰত তিনিশতাধিকগৰাকী লোক ক’ভিডত আক্ৰান্ত হয়। আজিৰ তাৰিখত নগাঁও জিলাত ২৪৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
ইপিনে, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সকলো লোককে কোভিড প্ৰ’টকল মানি চলিবলৈ মাইক যোগে আজি বিয়লি আহ্বান জনাইছে। মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ সকিয়নি প্ৰদান কৰি মাস্ক পৰিধান নকৰা সকলক ১০০০ টকাকৈ জৰিমনা বিহে। তদুপৰি সন্ধিয়া ৬ বজাত সমগ্ৰ নগাঁও চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰা দেখা যায়। ইপিনে নগাঁও চহৰকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত আজি সন্ধিয়া আৰক্ষীয়ে তহল দিয়াৰ লগতে সন্ধিয়া ৬ বজাৰ লগে লগে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ বাবে ব্যৱসায়ীসকলক আহ্বান জনায় ।













