![]()
নগাঁও : কৰ্মসূত্ৰে দক্ষিণ ভাৰতৰ তেলেঙ্গনাত বাস কৰা এগৰাকী মহিলা কোভিডত আক্ৰান্ত হৈ হায়দৰাবাদৰ এখন চিকিৎসালয়ত মৃত্যুক সাৱতি লোৱা খবৰে নগাঁও চহৰৰ নিকটৱর্তী ৰণথলী দেওধৰ অঞ্চলত শোকৰ ছাঁ পেলায়। প্ৰাপ্ত খবৰ মতে, নগাঁও চহৰৰ নিকটৱর্তী ৰণথলী দেওধৰ অঞ্চলৰ হেমন্ত শইকীয়া নামৰ লোকজনৰ পত্নী তথা দুটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ মাতৃ দীপ্তি হাজৰিকা (৪১) চাৰিদিন ধৰি কোভিড-১৯ত আক্ৰান্ত হৈ হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
জানিব পৰা মতে, বিগত কিছুবছৰ ধৰি হেমন্ত শইকীয়াই পত্নী দীপ্তি হাজৰিকা আৰু তিনি সন্তানৰ সৈতে তেলেঙ্গনাত বাস কৰিছিল। আজিৰ পৰা পাঁচদিন পূৰ্বে হেমন্ত শইকীয়াৰ পৰিয়ালটো জ্বৰ-কাঁহত ভূগি আছিল। তেলেঙ্গনা স্বাস্থ্য বিভাগে ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে হেমন্ত আৰু দিপ্তীৰ দেহত কোভিড-১৯ৰ সংক্ৰমণ ধৰা পেলায়। আনহাতে দুয়োৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ দেখি চিকিৎসকে তেওঁলোকক হোম আইছ’লেচনত থকাৰ পৰামৰ্শ দিয়ে। কিন্তু ১৮ এপ্ৰিলৰ বিয়লি দীপ্তি হাজৰিকাৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ বেয়ালৈ ঢাল খোৱাত তেওঁক হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আনহাতে কালি নিশা চিকিৎসালয় কৰ্তৃপক্ষই দীপ্তি হাজৰিকাই মৃত্যুক সাৱটি লোৱা বুলি পৰিয়ালক ফোনযোগে অৱগত কৰে বুলি জানিব পৰা গৈছে ।
ইপিনে দীপ্তি হাজৰিকাৰ স্বামী আৰু তিনি সন্তান কোৱাৰেণ্টেইন হৈ থকাৰ বাবে অন্তিম সময়ত তেওঁলোকে মহিলাগৰাকীক শেষ মুহূর্তত চোৱাৰ সুযোগ নাপালে। ইপিনে কোভিডত আক্ৰান্ত হৈ দীপ্তি হাজৰিকাৰ মৃত্যু হোৱা বুলি খবৰ লাভ কৰাৰ পাচত নগাঁৱৰ ৰণথলী দেওধৰ অঞ্চলত শোকৰ ছাঁ পৰে। উল্লেখ্য যে দীপ্তি হাজৰিকা তেলেঙ্গনাৰ এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল।













