ষ্টাফ ৰিপ’ৰ্টাৰ
স্বাস্থ্য বিভাগৰ লগতে শিক্ষা বিভাগ তথা জিলা প্ৰশাসনৰ সৈতে হোৱা বৈঠকত লোৱা হৈছে কে’তবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ভেকচিন সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “২ কোটি ভেকচিন অৰ্ডাৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে য’ত ১ কোটি ভেকচিন ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে। ১ কোটি কাইলৈ অৰ্ডাৰ দিয়া হ’ব।” লগতে তেওঁ কয় যে, “অসম আৰোগ্য নিধিত ৰাইজৰ ১১৬ কোটি টকা আছে য’ত বৰ্তমান সূত মিলাই ১১৮ কোটিৰো অধিক হৈছে। ভেকচিনৰ ক্ষেত্ৰত এই পুঁজিৰো ব্যৱহাৰ কৰা হ’ব আৰু উপৰঞ্চি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব।”
ইয়াৰ উপৰিও উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে, “কামৰূপ মেট্ৰ’ৰ বিশ্ববিদ্যালয়, স্কুল, কলেজ সকলো হ’ব বন্ধ হ’ব যদিহে মহানগৰীত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১ হাজাৰৰো অধিক হয়। বহিঃৰাজ্যৰ পৰা অহা লোকক ৭ দিনৰ হোম কোৱাৰেণ্টাইন বাধ্যতামূলক কৰা হৈছে। ৬০টালৈ বৃদ্ধি কৰা হৈছে ক’ভিড স্ক্ৰীণিং চেণ্টাৰ। নাৰ্ছিংহোমৰ সৈতে হাস্পতালক ‘টাই আপ’ৰ অনুমতি দিয়া হৈছে।
কিন্তু হোটেলসমূহ নাৰ্ছিং হোমৰ কাষত হ’ব লাগিব। ব্যক্তিগত হাস্পতালত নাথাকিব কোনোধৰণৰ বিনামূলীয়া সুবিধা। প্ৰয়োজনীয়তাত চৰকাৰে অনুষ্ঠিত কৰিব ভেকচিন কেম্প। ১৮–৪৫ বৰ্ষৰ সকলোকে ৰাজ্য চৰকাৰৰ বিনামূলীয়া ভেকচিন দিয়া হ’ব। ২ মে’ তাৰিখলৈ আমি পৰিস্থিতি পৰীক্ষণ কৰিম। ক’ভিড পৰিস্থিতি জটিল হ’লে বাতিল হ’ব HS, HSLC পৰীক্ষা। নিৰ্বাচনৰ পূৰ্বে ক’ভিড নাছিল, ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা লুকাই ৰাখিব নোৱাৰি। ১০,০০০ কৰ্মচাৰীয়ে মোৰ লগত ষড়যন্ত্ৰ নকৰে। জুই যিমানেই পুৰিব সিমানেই সোণ বেছি উজ্জ্বল হ’ব। ২০২০ৰ তুলনাত ভেকচিন নষ্ট হোৱাৰ পৰিমাণ তেনেই কম।'”













