![]()
অজন্তা তালুকদাৰ
বোকাখাত : দিল্লীত কভিড ১৯ৰ বাতৰি সংগ্ৰহৰ সময়তে কভিডাক্ৰান্ত হৈ মৃত্যুক সাবটি লোৱা ৩ সাংবাদিকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। আনহাতে ভাৰতীয় সাংবাদিক সংস্থা, চমুকৈ ইজু-এ তিনিজনকৈ যুৱ সাংবাদিক ক্ৰমে ‘দ্যা ৱাইআৰ’ৰ হিন্দী সংস্কৰণৰ সম্পাদক ৰেণু আগল, দ্যা ইকনমিক টাইমচ-ৰ চঞ্চল পাল চৌহান আৰু দ্যা টাইমচ অৱ ইণ্ডিয়া-ৰ কপি এডিটৰ আশিষ য়াচুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। লগতে ইজু-ৰ সাধাৰণ সম্পাদক জী প্ৰভাকৰণে সকলো সাংবাদিককে কভিডৰ বাতৰি সংগ্ৰহৰ সময়ত সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে।













