![]()
অজন্তা তালুকদাৰ
বোকাখাত : গুজৰাটত অসমৰ যুৱক বিৰাজ বৰা (৪০)ৰ আহমেদাবাদৰ এছ এছ জি হস্পিতালত ২১ এপ্ৰিলৰ নিশা কভিডাক্ৰান্ত হৈ মৃত্যু হয় । বোকাখাতৰ বনগাঁৱৰ বিৰাজ যোৱা চাৰিবছৰ ধৰি আহমেদাবাদত এটা কেফেটেৰিয়াৰ গুডাম কিপাৰ হিচাপে কৰ্মৰত হৈ আছিল ৷ ১৩ এপ্ৰিলৰ পৰা যুৱকজন কভিডত আক্ৰান্ত হৈ এছ এছ জি হস্পিতালৰ কভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছিল ৷ কভিড প্ৰটকল অনুসৰি নিশাই বিৰাজৰ অন্তেষ্টিক্ৰীয়া আহমেদাবাদতেই সম্পন্ন হয় ৷ বিৰাজৰ প্ৰকৃত ঘৰ কমাৰগাঁৱৰ বনগাঁৱত ৷ পুত্ৰৰ অধ্যয়ণৰ সূত্ৰে পত্নী আৰু একমাত্ৰ পুত্ৰ বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ সমীপত ভাড়াঘৰত আছিল ৷ জানিব পৰা মতে যোৱা দুবছৰ ধৰি ঘৰলৈ আহিব পৰা নাছিল বিকাশ।













