![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্য বিধানসভা নির্বাচনৰ ২ মে’ত ঘোষণা হ’ব লগা ফলাফল কি হব!ফলাফল ঘোষণালৈ মাজত ১০টা দিন বাকী থকা প্ৰাক মুহূৰ্তত যাদু সম্ৰাট বিক্ৰমৰ ভৱিষ্যতবাণী বন্দী বাকচত। গুৱাহাটীৰ প্ৰেছ ক্লাবত বৃহস্পতিবাৰে বিক্ৰমে ১২৬সমষ্টিৰ জৰীপৰ ভিত্তিত সংগ্ৰহ কৰা তথ্যৰ সংবাদ মাধ্যমক সন্মুখত বাকচত বন্দী কৰে। ভৱিষ্যতবাণী বিশেষ বাকচতো সাংবাদিকৰ দ্বাৰা তলা লগাই গুৱাহাটী প্ৰেছ ক্লাবৰ ৰাখি থৈ যায়। ২মে’ত ফলাফল ঘোষণাৰ পাছতে ৩ মে’ৰ দিনা গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ উপস্থিতিত বাকচটো মুকলি কৰিব। উল্লেখ যে বিশেষ বাকচটোত সম্ৰাটগৰাকীয়ে বন্দী কৰি ৰাখিছে ভৱিষ্যতবাণী ফলাফল। তেওঁ কয় পূৰ্বতে দুবাৰ ভৱিষ্যতবাণী মিলিছে। এইবাৰো আশা কৰো ভৱিষ্যতবাণী মিলিব।
বিক্ৰমৰ ভৱিষ্যতবাণী বাকচটোত বন্দী কৰি কয়- চৰকাৰ সলনি হোৱা দেখা নাযায়। কিন্তু মসৃণ নহ’ব শাসক পক্ষই চৰকাৰ গঠন কৰাত। তেৰা-বেঁকা ৰাস্তাৰে গৈ চৰকাৰ গঠন কৰিব শেষ মুহূৰ্তত।
‘নৱগঠিত আঞ্চলিক দলসমূহে কম সময় পাইছে। বিভিন্ন ঠাইত নতুন দলৰ ভূমিকা দেখি পাইছোঁ। দলসমূহৰ উত্থান নিশ্চয় আছে। দলসমূহে কম সময় পাইছে ফিল্ডত অশেষ কষ্ট কৰিছে। বহুকেইটাৰ সমষ্টিত আসন লাভ কৰিব। ফেক্টৰ হ’ব’ – বিক্ৰমে কয়।
আনহাতে, দুই-এগৰাকীৰ নাম থকা প্ৰভাৱশালী প্ৰাৰ্থীয়ো পৰাজিত হ’ব এশ শতাংশ নিশ্চিত। দেখা নাপাব বিধানসভাত- ভৱিষ্যতবাণী বন্দী কৰি সম্ৰাটগৰাকীয়ে এইদৰে কয়।
উল্লেখ ২০১৪ লোকসভা আৰু ২০১৬ বিধানসভা নির্বাচনৰ সময়তো ভৱিষ্যতবাণী কৰিছিল যাদু সম্ৰাটগৰাকীয়ে।













