![]()
হোজাইৰ লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইত পুৰণা বজাৰত উত্তপ্ত পৰিস্থিতি। দোকানৰ ভিতৰত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্য্য কলপা চলি থকা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ। পুৰণা বজাৰৰ এইখন দুই মহলীয়া গেলামাল দোকান। এইখন গেলামাল দোকানৰ ভিতৰত প্ৰায়ে বাহিৰৰ পৰা যুৱতী আনি অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ স্থানীয় ব্যৱসায়ীৰ।
শুক্ৰবাৰে দুপৰীয়া এইখন গেলামাল দোকানৰ ওপৰ মহলাত এহাল যুৱক-যুৱতীয়ে অনৈতিক কাৰ্য্যত লিপ্ত থকা অৱস্থাত স্থানীয় ব্যৱসায়ীয়ে হাতে লোটে ধৰা পেলায়। সুযোগ বুজি ঘটনাস্থলী পৰা পলায়ন কৰে অভিযুক্ত যুৱতীগৰাকী। আনহাতে স্থানীয় ব্যৱসায়ীয়ে গেলামাল দোকানৰ স্বতঃধিকাৰ দেৱশীষ দেৰ লগত ঘটনাৰ লগত জড়িত থকা যুৱক শ্ববিল খানক উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে।












