![]()
নিউজ ডেস্কঃ
আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ চৰকাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। দুধনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানক ক’ৰোণা মহামৰীৰ বাবে মেট্ৰিক অথবা উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈ কোনো সিদ্ধান্ত ল’ব নোৱাৰাৰ ফলত শেহতীয়াকৈ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সভাপতিগৰাকীয়ে। কেন্দ্ৰৰ সলনি বিদ্যালয়ে বিদ্যালয়ে এইবাৰ এই পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে তেওঁ। পৰীক্ষালৈ হাতত বেছি দিন নাই আৰু এনেক্ষেত্ৰত ক’ৰোণাত আক্ৰান্ত নোহোৱাকৈ তথা শিক্ষাৰ্থীৰ শিক্ষাবৰ্ষ নষ্ট নোহোৱাকৈ ছেৱা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ লগতে চৰকাৰক দাবী জনায় সভাপতিগৰাকীয়ে।
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাক লৈ বিষয়ে চৰকাৰে কোনো ধৰণৰ নীতি–নিৰ্দেশনা জাৰি কৰা নাই যদিও অহা ২ মে’ৰ পিছত নতুন চৰকাৰে এই বিষয়ে বিবেচনা কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সভাপতিগৰাকীয়ে কয় যে, “শিক্ষাৰ্থীক বিপদত পেলাই চৰকাৰখনে এক নিৰাপদ দুৰত্বত অৱস্থান কৰিছে। নতুন চৰকাৰে সিদ্ধান্ত লোৱালৈকে ৰৈ থাকি যি আঁকোৰগোজ স্থিতি গ্ৰহণ কৰিছে বা জাহাজ ডুবিলেও টিঙৰ পৰা ননমা স্থিতি লোৱাৰ বাবে আজি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলো শংকাত ভুগিছে৷”













