![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
লাকুৱা তৈলখাদ পৰা অ’এনজিচি বিষয়া অপহৰণত জড়িত আছিল অসম আৰক্ষী এগৰাকী জোঁৱান। কনিষ্টবল বসন্ত বুঢ়াগোহাঁই সমগ্ৰ অপহৰণ ঘটনাৰ মূল খলনায়ক হোৱা গুৰুত্ব অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ গ্ৰেপ্তাৰ হোৱা কনিষ্টবলগৰাকীৰ অসম আৰক্ষী ২৫নং বেটেলিয়নৰ। কেন্দ্ৰীয় চোৰাংচোৱা সন্থাৰ নজৰত আছিল কনিষ্টবলগৰাকী। চোৰাংচোৱা তথ্য ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে ধৃত জোঁৱানগৰাকীক। শদিয়া পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইফালে ঘটনাৰে অন্য আৰু দুগৰাকী আৰক্ষী জড়িত থকা অভিযোগ উত্থাপন হৈছে। তদন্তৰ খাতিৰত আৰক্ষী দুগৰাকী নাম বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
তাপৰ্যপূৰ্ণ কথা যোৱা ২০ এপ্ৰিলত লাকুৱা ৮নং তৈলখাদৰ পৰা নিশা অস্ত্ৰধাৰী উগ্ৰপন্থী দলে তিনিজন অ’এনজিচি বিষয়াক অপহৰণ কৰিছিল। দুগৰাকীক নাগালেণ্ডৰ মন জিলা পৰা উদ্ধাৰ কৰা হৈছে যদিও বৰ্তমানো কোনো সম্ভেদ নাই তৃতীয়গৰাকী অপহৃত ৰিতুল শইকীয়া। তাৰ মাজতে অপহৰণ ঘটনাত আৰক্ষীৰ জড়িত থকা কাৰ্যই চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক।













