![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দ্ৰুত গতিত বৃদ্ধি পোৱা ক’ৰনা আক্রান্তক লৈ উদ্বিগ্ন চৰকাৰ। ছাত্ৰ-ছাত্ৰীৰ সুস্থ জীৱন-সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আক্রান্ত ঘটনা ১০০সংখ্যা অতিক্ৰম কৰা ৰাজ্য প্ৰতিখন জিলাত মঙলবাৰৰ পৰা বন্ধ থাকিব অষ্টমমান শ্রেণীলৈকে বিদ্যালয়। এই কথা সংবাদমেল যোগে ঘোষণা কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য পূৰ্বে পঞ্চম শ্ৰেণীলৈকে বিদ্যালয় বন্ধ কৰিছিল ৰাজ্য শিক্ষা বিভাগে। আনহাতে নৱম আৰু দশমমান শ্রেণী পাঠদান ৫০ শতাংশৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পৰিচালিত হ’ব।
গুৰুত্বপূৰ্ণ ৰাজ্যৰ সৰ্বমুঠ ৩৩খন জিলাৰ চিৰাং, বিশ্বনাথ, বাক্সা, মাজুলী, ডিমা হাচাও, চৰাইদেউ, হাইলাকান্দি, দক্ষিণ শালমৰা, পশ্চিম কাৰ্বি আংলংক বাদ দি অন্য সকলো জিলা বন্ধ থাকিব মঙলবাৰৰ দিনটো পৰা।













