![]()
নগাঁও : নগাঁও জিলাত দ্ৰুত গতিত বৃদ্ধি পাই আছে ক’ৰোণাৰ সংক্ৰমণ । আজিৰ দিনটোতে পুনৰ নগাঁৱত ১০৬জন লোকৰ দেহত ধৰা পৰিল ক’ভিদ-১৯ৰ সংক্ৰমণ । এণ্টিজেন টেষ্টৰ জৰিয়তে ১০৬ গৰাকীক ক’ভিদ-১৯ পজিটিভ বুলি চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে। ইয়াৰে ৩ গৰাকীক ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে ১০৩ গৰাকী হ’ম কোৱাৰীণ্টাইন হৈ আছে। নগাঁৱত বৰ্তমানলৈকে ৫৫২ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
আনহাতে আজিৰ দিনটোত ক’ৰোণাৰ পৰা আৰোগ্য লাভ কৰিছে ৭০জন ব্যক্তিয়ে। ইয়াৰে ৬১জন হোম আইছ’লেচনত আছিল আৰু ৯ জন নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছিল।ইফালে, জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ চামগুৰি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰদল মিকিৰ গাঁৱৰ নিবাসী বিমল হেৰে নামৰ ৫২ বছৰীয়া লোক গৰাকী কালি দুপৰীয়া নিজ গৃহতে কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে বুলি স্বাস্থ্য বিভাগৰ সুত্ৰই আজি নগাঁৱত প্ৰকাশ কৰিছে।













