![]()
নগাঁও : কোভিডজনিত পৰিস্থিতিৰ বাবে নগাঁও জিলা প্ৰশাসনে জিলাখনৰ সকলো চৰকাৰী, বে-চৰকাৰী শিক্ষানুষ্ঠানৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ ঘোষণা কৰে। এই বন্ধ ৮ মে’ লৈকে অব্যাহত থাকিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। ইতিপূৰ্বে জিলাখনৰ প্ৰাক্ প্ৰাথমিকৰ পৰা পঞ্চম মান শ্ৰেণীলৈ সকলো চৰকাৰী, বে-চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰে।
উল্লেখ্য, জিলাখনত বিগত কেইবাটাও দিনত কোভিডৰ দ্বিতীয় লহৰত পাঁচ শতাধিক লোক আক্ৰান্ত হোৱাত নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগত কোভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা অন্ততঃ জিলাখনৰ চৰকাৰী, বে-চৰকাৰী শিক্ষানুষ্ঠানৰ ষষ্ঠ মান শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীলৈ তৎকালীনভাৱে পাঠদান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে যোৱা কালিলৈকে নগাঁও জিলাত ৫১৬ গৰাকী লোক কোভিডত সক্ৰিয়ভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। পাঠদান বন্ধ কৰা সন্দৰ্ভত সময়ে সময়ে পৰ্যালোচনা কৰা হ’ব বুলি আৰু পৰিস্থিতি উন্নত হ’লে পুনৰ পাঠদান আৰম্ভ হ’ব বুলি জিলা প্ৰশাসনৰ সুত্ৰত প্ৰকাশ ।













