ASSAM TIMES POST
ডিফুঃ আজি পুৱা কাৰ্বি আংলঙৰ ডিফুস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত স্বায়ত্তশাসিত জিলা সমষ্টিৰ সাংসদ হৰেণছিং বে’ উপস্থিত হৈ ভৱনটো পৰিদৰ্শন কৰে৷
ইয়াত কাৰ্যালয়টোৰ উন্নীতকৰণকে ধৰি কেইবাটাও ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা সাংসদগৰাকীয়ে ঘোষণা কৰে৷ ইফালে ৰাংছিনা ভৱনত এটা আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা, প্ৰাক্তন সভাপতিৰ আৱক্ষ মূৰ্তি নিৰ্মাণ ইত্যাদিকে ধৰি কেইবাদফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্ৰ সাংসদগৰাকীৰ হাতত প্ৰদান কৰা হয়৷
এই অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যদ্বয় পাৰি ৰংপি আৰু জয়ছিং টকবি, ডিফু শাখা সাহিত্য সভাৰ সম্পাদক ডাঃ ব্ৰহ্মানন্দ বৰা, ৰাংছিনা ভৱন অৱৰক্ষণ সমিতিৰ উপ সভাপতি ৰঞ্জিত কুমাৰ সেন, কাৰ্বি আংল জিলা সাহিত্য সভাৰ সদস্যা গীতা বৰা প্ৰমুখ্যে ভালেমান বিষয়ববীয়া উপস্থিত থাকে৷ সাংসদগৰাকীক সাহিত্য সভাৰ তৰফৰ পৰা ফুলাম গামোচা আৰু চেলেঙৰে উষ্ম আদৰণি জনোৱা হয়৷













