![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অৱশেষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত ল’লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। কৰোনাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা বুলি সংসদৰ সূত্ৰত প্ৰকাশ। আনহাতে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা নকৰা সন্দৰ্ভতো আলোচনা চলি থকা বুলি জানিব পৰা গৈছে।













