![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰক্ষী চোৰাংচোৱা বিশেষ তথ্য ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱতি নিশা আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা লেফটেনেন্ট কৰ্ণেল দ্বীপেন সাউদৰ প্ৰাণ হানি কৰাৰ লগতে ব্যক্তিগত সহযোগী গানমেনক কৰায়ত কৰা হয়- এই কথা সংবাদমেল যোগে ঘোষণা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।
আলফা দলটোৰ পৰা বহুতো তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰাৰ উপৰিও উদ্ধাৰ কৰিছে এটা গ্ৰেণেড বুলি উল্লেখ কৰি মহন্তই কয়- অভিযানকাৰী আৰক্ষীক লক্ষ্য কৰি প্ৰথমে গুলি কৰিছিল আলফা(স্বা) সদস্যগৰাকীয়ে। আত্মৰক্ষা বাবে আৰক্ষীয়ে গুলিচালনা কৰাত আশ্ৰয় লোৱা ঘৰৰ মালিকজন আৰু দেহৰক্ষী আলফা সদস্য পদুম ৰায়ে আত্মসমৰ্পন কৰে।
আৰক্ষীৰ গুলিত নিহত উগ্ৰপন্থী সদস্যগৰাকীক দ্বীপেন সাউদ ৰমেন নাথ ওৰফে জিষ্ণু অসম নামেৰে পৰিচিত আছিল। মৃত উগ্ৰপন্থী সদস্যগৰাকী বয়স ৫২ বছৰ। বৰপেটাৰ সৰভোগত ঘৰ আছিল। আৰক্ষী তথ্য অনুসৰি আলফা(স্বা)ৰ দৃষ্টি ৰাজখোৱাৰ অধীনত থকা পশ্চিম বাহিনী কামাণ্ডেটত নিয়োগ কৰা হৈছিল মৃত উগ্ৰপন্থীগৰাকীক। মহন্ত কয়- ৰাষ্ট্ৰবিৰোধী সংগঠনৰ লগ হৈ আলফা দলটোৱে অপহৰণৰ দৰে কিছুমান প্ৰচেষ্টা আৰম্ভ কৰিছিল।













