![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম বিধানসভা নির্বাচনৰ অহা ২ মে’ত হ’ব লগা ভোটগণনা বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ড্ৰাই ডে। ২ আৰু ৩ মে’ দুটা দিনা ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে। ৰাজ্য আৱকাৰী বিভাগে আজি সকলো জিলাৰ উপায়ুক্ত আৰু মহকুমাৰধিপতি সকলৰ লগতে জিলাসমূহ আৱকাৰী অধীক্ষক লৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।
নিৰ্দেশনাত উল্লেখ থকা অনুসৰি যিকেইখন জিলাত ইয়াৰ অন্তৰ্গত সকলো বিধানসভা সমষ্টিৰ ভোট গণনা তথা ফলাফল ৩ মে’ দিনৰ ১১ বজাৰ পূৰ্বে সম্পূৰ্ণ হ’ব সেই জিলাসমূহত ৩ মে’ ড্ৰাই ডে প্ৰযোজ্য নহ’ব।













