![]()
সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ বাবে মাজত মাথোঁ দুটা দিন। তাৰ মাজতে আজি দেশৰ আগশাৰীৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে নিজ নিজ এক্সিট পুল। উক্ত এক্সিট পুল অনুসৰি কোনোটো বিজেপিৰ নেতৃত্বতেই অসমত হ’ব পৰৱৰ্তী চৰকাৰ। তলত দেশৰ চাৰিটা প্ৰধান সংবাদ গোষ্ঠীৰ এক্সিট পুলৰ ফলাফল উল্লেখ কৰা হ’ল :
ইণ্ডিয়া টুডেৰ সমীক্ষা মতে বিজেপি মিত্ৰজোটে লাভ কৰিব ৭৫-৮৫খন আসন। আনহাতে, কংগ্ৰেছ মহাজোটে লাভ কৰিব ৪০-৫০খন আসন আৰু অন্যান্যই পাব ১-৪খন আসন।
ৰিপাব্লিক-চিএনএক্সৰ সমীক্ষা মতে বিজেপি মিত্ৰজোটে লাভ কৰিব ৭৪-৮৪খন আসন। আনহাতে, কংগ্ৰেছ মহাজোটে লাভ কৰিব ৪০-৫০খন আসন আৰু অন্যান্যই পাব ১-৩খন আসন।
এবিপি চি ভোটাৰৰ সমীক্ষা মতে বিজেপি মিত্ৰজোটে লাভ কৰিব ৫৮-৭১খন আসন। আনহাতে, কংগ্ৰেছ মহাজোটে লাভ কৰিব ৫৩-৬৬খন আসন আৰু অন্যান্যই পাব ০-৫খন আসন।
এক্সিছৰ মাই ইণ্ডিয়াৰ সমীক্ষা মতে বিজেপি মিত্ৰজোটে লাভ কৰিব ৭৫-৮৫খন আসন। আনহাতে, কংগ্ৰেছ মহাজোটে লাভ কৰিব ৪০-৫০খন আসন আৰু অন্যান্যই পাব ১-৪খন আসন।













