![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ৰহাত সংঘটিত ১২ বছৰীয়া নাবালিকা ছাত্ৰী চুমিলা ৰংহাঙপীৰ ৰহস্যক মৃত্যুক লৈ সম্প্ৰতি সমগ্ৰ ৰাজ্য উত্তাল প্ৰতিবাদ মুখৰ হৈ পৰিছে।
আজি তাৰে সমান্তৰাল কৈ হোজাই জিলাৰ বৰবহাত সদৌ অসম ট্ৰাইৱেল সংঘ হোজাই জিলা সমিতিৰ উদ্যোগত চুমিলাৰ আত্মাৰ সদগতি কামনাৰে বন্তি প্ৰজ্বলন কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
হোজাই জিলাৰ বৰবহাত প্ৰায় শতাধিক জনতাই দোষীক ফাষ্ট ট্ৰেক আদালতৰ জড়িয়তে শাস্তি প্ৰদান কৰি দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক এই প্ৰতিবাদৰ জড়িয়তে দাবী জনায়, অন্যথা আগন্তুক দিনত প্ৰতিবাদ অব্যাহত থাকিব বুলি জনাই সদৌ অসম ট্ৰাইৱেল সংঘৰ হোজাই জিলাৰ সভাপতিগৰাকীয়ে।












