লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ৰাজ্যত যোৱা 2 মে’ অৰ্থাৎ ভোট গণনাৰ দিনত হোজাই শংকৰদেৱ নগৰ উপায়ুক্তৰ কাৰ্যালয়ত হোৱা ঘটনা সন্দৰ্ভত সংবাদমেল। হোজাই জিলা উপায়ুক্তই সাংবাদিকসকলক ভোট গণনাৰ ঠাইত মোবাইল ফোন আৰু কেমেৰা লৈ প্ৰৱেশ নিষেধ সন্দৰ্ভত সাংবাদিকসকলৰ সংবাদমেল। উক্ত সংবাদ মেলত হোজাই জিলাৰ প্ৰায় সংখ্যক জেষ্ঠ্য আৰু কণিষ্ঠ সকলো সাংবাদিক উপস্থিত থাকে। জিলা উপায়ুক্ত ডাঃ সাদনেক সিঙৰ এনে একপক্ষীয় কাৰ্য্যক এক মুখে সকলোৱে গৰিহণা দিয়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক হত্যা কৰাৰ ই এক কাৰ্য্য বুলি গৰিহণা সকলোৰে। ৰাজ্যৰ হওক বা ৰাষ্ট্ৰৰ হওক সকলোতে সংবাদ মাধ্যমক গুৰুত্ব প্ৰদান কৰি প্ৰাধান্য দিয়া হয়।
কিন্তু হোজাই জিলাৰ উপায়ুক্তজনে নিজ ইচ্ছামতে কাম কৰি সংবাদ মাধ্যমক একপ্ৰকাৰ বাধা প্ৰদান কৰি হত্যাৰ চেষ্টা চলোৱা বুলি জেষ্ঠ্য সাংবাদিকসকলে মন্তব্য দিয়ে। যাৰ ফলত অতি গুৰুত্বপূৰ্ণ দিন ভোট গণনাৰ ফলাফল ৰাইজৰ আগত দাঙি ধৰাৰ পৰা আঁতৰি থাকিব লগা হয় হোজাই জিলাৰ সাংবাদিকসকল। গতিকে, অতি শীঘ্ৰে যোৱাকালি অৰ্থাৎ 2 মে’ত হোজাই উপায়ুক্তৰ কাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে হোৱা ঘটনাৰ উচিত তদন্তৰ দাবী জনায় এই জিলা উপায়ুক্তক হোজাইৰ পৰা বদলিৰ দাবী জনায় হোজাইৰ সাংবাদিকসকলে। লগতে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়ালৈ বিষয়টো অৱগত কৰা লগতে নিৰ্বাচনৰ সময়ত চৰকাৰে যোগান ধৰা কাৰ্ডসমূহ উপায়ুক্ত ওচৰত জমা দিয়ে সাংবাদিকসকলে ।