![]()
অজন্তা তালুকদাৰ
বোকাখাত : সমগ্ৰ ৰাজ্যৰ লগতে আজি বোকাখাততো অসম চৰকাৰৰ ক’ভিডৰ নতুন নিৰ্দেশনা অনুসৰি দিনৰ ভাগতে বন্ধ হৈ পৰিছে সকলো দোকান বজাৰ, কাৰ্যালয়, প্ৰতিষ্ঠান। আজিৰে পৰা ৰাজ্যজুৰি দিনৰ দুই বজাৰ পৰা সকলো দোকান-পোহাৰ বন্ধৰ লগতে সন্ধিয়া ছয় বজাৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ হৈছে। আজি বোকাখাততো দুই বজাৰ লগে লগেই বোকাখাত নগৰৰ লগতে সমগ্ৰ অঞ্চলৰ দোকান বজাৰ বন্ধ হৈ পৰে। বোকাখাতৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী বিভাগে বিগত সময়চোৱাৰ দৰে আজিও অতি সতৰ্কতাৰে সমগ্ৰ বোকাখাতৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহিছে। ক’ভিড নিৰ্দেশনাৰ প্ৰতি পূৰ্ণ সমৰ্থন জনোৱা ব্যৱসায়ীসকলে নিৰ্দেশনা অনুসৰি দোকান বজাৰ বন্ধ কৰে যদিও পৰবৰ্তী সময়ত ব্যৱসায়িক দিশটোক লৈও সংকিত হৈ পৰে।

দিনৰ দুই বজাতে অস্থায়ী ব্যৱসায়ীসকলে দোকান বজাৰ সামৰিব লগীয়া হোৱাত কিছু অসন্তুষ্ট হৈ পৰাও দেখা পোৱা গৈছে। ক্ষুদ্ৰ ব্যবসায় লগত জড়িত ব্যৱসায়ীসকলৰ লগতে দৈনিক হাজিৰা কৰা লোকসকল, ঠেলা ৰিক্সা চালক, মেজিকৰগৰাকীয়ে অনাগত সময়ত হ’ব পৰা লকডাউনৰ বাবেও সংকিত হৈ পৰিছে। মূল্যৱান জীৱনক লৈ সকলো জনসাধাৰণ সচেতন আৰু ক’ভিড প্ৰটকল মানি চলিবলৈ সকলো স্তৰৰ লোক আগ্ৰহী যদিও দৈনিক কাম কৰি খোৱা লোকৰ এই সময়ত যে জীৱন-যাপন কৰিবলৈ কষ্ট হ’ব সেয়ে ধূৰূপ।
আজি বোকাখাতত পুনৰ ২৬ জন লোকৰ দেহত ক’ভিড ধৰা পৰিছে। বোকাখাত নাট্য মন্দিৰত যোৱা তিনি দিন ধৰি দি অহা ক’ভিড ভেকচিন আজিও মুঠ ২৫০ জন লোকক প্ৰদান কৰা হৈছে। আজি পৰ্যন্ত বোকাখাতত মুঠ ২৭৬ লোক ক’ভিড আক্ৰান্ত হৈছে।













