![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
‘দল গঠন হোৱা এশ দিনৰ ভিতৰত প্ৰায় ৭লাখ জনতাই অসম জাতীয় পৰিষক আঁকোৱালি লোৱাটো শুভ লক্ষণ। ঘোষিত ৰাজ্য বিধানসভাৰ নির্বাচনত দলে আসন লাভ কৰা নাই যদিও জনতাৰ আদৰ বুটলিব সক্ষম হ’ল। অতি কঠিন আৰু বৃহৎ প্ৰত্যাহ্বানেৰে আগন্তক নির্বাচনত অৱৰ্তীৰ্ণ হৈ ৰাইজৰ মৰম, আদৰ আৰু সহযোগিতাই এজেপিক অহা দিনবোৰত অধিক শক্তিশালি কৰি তুলিব’- সদ্য ঘোষিত বিধানসভা নির্বাচনৰ ফলাফল সন্দৰ্ভত এই মন্তৱ্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।
স্বাভিমানী আপোচহীন অসমৰ জাতীয় ৰাজনৈতিক সংগ্রামৰ আহ্বানত জন্মহোৱা এজেপিয়ে সাম্প্ৰদায়িক আৰু সৰ্বভাৰতীয় দলৰ পৰা সমদূৰত অৱস্থান কৰা ঘোষিত নীতিৰে নির্বাচনী যুঁজত নামিছিল। যাত্ৰা পথ কঠিন আছিল কিন্তু তাৰ মাজত ইমান কম সময়ৰ ভিতৰত জনতাই এজেপিক দিয়া মৰম আৰু সহযোগিতাই ভৱিষ্যত দিনত যুঁজ দিয়াৰ প্ৰেৰণা যোগাব- দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি লুৰীণে এইদৰে কয়।
কংগ্ৰেছ মিত্ৰজোঁটে সাম্প্ৰদায়িক এআইইউদিএফৰ সৈতে মিত্ৰতা কৰি বিজেপিক জয়ৰ পথ সহজ কৰি দিয়া বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে সভাপতিগৰাকীয়ে।
নির্বাচনত দলৰ পৰাজয় সন্দৰ্ভত পৰ্যায়লোচন কৰা হ’ব। ভুল-ক্ৰুটি আলোচনাৰ জৰিয়তে সমাধান কৰি আগন্তক নির্বাচন সমূহলৈ সাজু হ’ব এজেপি সংবাদমেলত এই কথা কয় লুৰীণে।
আনহাতে, ৰাইজৰ দলৰ বিজয়ী সভাপতি অখিল গগৈক শুভেচ্ছা জনাই লুৰীণে কয়- বিধানসভাৰ মজিয়াত বলিষ্ঠ কণ্ঠ হৈ জাতিৰ পক্ষত ভূমিকা গ্ৰহণ কৰিব।
ইফালে দুই-এদিনতে এজেপিৰ নেতৃত্বই জিএমচিএইচত গগৈক সাক্ষাৎ কৰি শুভেচ্ছা জনাব বুলি জানিব দিয়ে।
সংবাদমেলত এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা উপস্থিত থাকি কয়- আগন্তক সময়ত সেইসকল ৰাইজৰ ওচৰলৈ এজেপিৰ নীতি-আদৰ্শ লৈ যোৱা হ’ব যিসকল ৰাইজৰ কাষলৈ আমি বৰ্তমান যাব পৰা নাই। পাঁচখন জিলা কামৰূপ গ্রাম্য, তিনিচুকীয়া, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়ত এজেপি পক্ষত ১২-১৬ শতাংশ ভোট আহিছে। দলৰ বাবে ই এটা শুভ লক্ষণ।













