![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতত ক্ৰমে বৃদ্ধি পাইছে কভিডাক্ৰান্তৰ সংখ্যা। সমগ্ৰ ৰাজ্যৰ লগতে আজি বোকাখাততো অসম চৰকাৰৰ ক’ভিডৰ নতুন নিৰ্দেশনা অনুসৰি দ্বিতীয় দিনো বন্ধ হৈ পৰিছে সকলো দোকান বজাৰ, কাৰ্যালয়, প্ৰতিষ্ঠান। আজি বোকাখাতত পুনৰ ৩১ জন লোকৰ দেহত ক’ভিড ধৰা পৰিছে।
আনহাতে যোৱা ৩ মেত কাজিৰঙা দ’ গাঁৱৰ তোলণ গগৈ নামৰ ক’ভিড পজিটিভ এজন ব্যক্তিক বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, কালি তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছিল যদিও আজি মৃত্যু হোৱাৰ খবৰ আহিছে ।
আজি পৰ্যন্ত বোকাখাতত মুঠ ৩১৭ জন লোক ক’ভিড আক্ৰান্ত হৈছে। আজি বোকাখাত মহকুমাত সকলো পৰীক্ষা সামৰি মুঠ ৪১ জন লোকৰ দেহত ক’ভিড ধৰা পৰিছে। ইয়াৰে লখৌজান ১, বোকাখাত ১, ৰজাবাৰীত ১, এন আৰ এল ১, বৰচাপৰি ২২, নুমলীগড় চাহ বাগিচা ৩ কাজিৰঙা বচাগাও ৩ আৰু আন কেইজন বোকাখাতৰ বাহিৰৰ আৰু নুমলীগড় গেটত পৰীক্ষাত ধৰা পৰে। বোকাখাতৰ চিকিৎসালয়ত আজি ১৪ জন ক’ভিড পজিটিভ লোকক ভৰ্তি কৰোৱা হয় আৰু ৮ জনক ঘৰলৈ যাবলৈ দিছে। এই পৰ্যন্ত বোকাখাতত ১০৮৮৪ জনক ক’ভিড পৰীক্ষা কৰা হৈছে ২ জন মৃত্যু হৈছে।













