![]()
ৰাজ্যত ক’ভিড পৰিস্থিতিয়ে লৈছে ভয়াৱহ ৰূপ। ডিব্ৰুগড় মেডিকেল কলেজত ইজনৰ পিছত সিজন ৰোগীৰ মৃত্যুৰ খবৰে এতিয়া অসহায় কৰিছে আত্মীয়ক। কালি সন্ধিয়া ৫ বজাৰ পৰা বিয়লিলৈ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৯ জন; ইয়াৰে ৬ জন ব্যক্তি ডিব্ৰুগড় জিলাৰে।
আনহাতে, ডিব্ৰুগড় টেপৰ গাঁৱৰ ৩১ বছৰীয়া অনিমা বৰুৱা ক’ভিডত মৃত্যু হৈছে; তেওঁ নিজ বাসগৃহতে অক্সিজেন লৈ আছিল যদিও নিশা সংকটজনক অৱস্থাত এএমচিলৈ লৈ অহা হয় কিন্তু চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। সমান্তৰালকৈ, ডিব্ৰুগড়ৰ লগতে গ্ৰাম্যঞ্চল আৰু চাহ বাগিচা অঞ্চললৈও ক’ভিড সংক্ৰমণ হোৱাত আংতকত ভুগিছে সমগ্ৰ জিলাবাসী। ডিব্ৰুগড় জিলাত আজি ক’ভিডত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৫৬ জন। আজি ৩২৩১ গৰাকীক কৰা ৰেপিড টেষ্টত ৩২৩ গৰাকীৰ দেহত ক’ভিড পজিটিভৰ লক্ষণ পোৱা গৈছে আৰু ৭২০ গৰাকীক আৰ টি পি চি আৰ টেষ্ট কৰাত ১৩৩ গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে বুলি ইতিমধ্যে চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা গৈছে।
আনহাতে, অসম চিকিৎসা মহাবিদ্যালয়ত যোৱা ২৪ ঘণ্টাত ৯ জনৰ মৃত্যু হৈছে। বৰ্তমানলৈ ডিব্ৰুগড়ত মুঠ ৪১১১ জনলৈ ক’ভিড ৰোগী বৃদ্ধি পাইছে। ডিব্ৰুগড়ত দ্বিতীয়টো ক’ভিডত আজি অনিমা বৰুৱা সোণোৱাল টেপৰ গাঁও, বিমল বৰুৱা ডুমডুমাৰ, টমিনা বেগম ডিব্ৰুগড়, আলি বৰা ডিব্ৰুগড়, শিৱ বাল্মীকি নাজিৰা, লিলিৰাণী বৰুৱা লক্ষীমপুৰ, জি আৰ যাদৱ টেঙাখাত, বিৰবল সিং, হিমাচল প্ৰদেশৰ বুলি জানিব পৰা গৈছে।
লগতে, অসম চিকিৎসা মহাবিদ্যালয়ৰ বৰ্হিঃবিভাগ অহা দুসপ্তাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বুলি অসম মেডিকেল কলেজৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই এক নিৰ্দেশনা জাৰি কৰিছে। জিলা প্ৰশাসনৰ সতে আলোচনা কৰি, ক’ভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এনে গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰা হয় বুলি মেডিকেলৰ অধীক্ষকে সদৰি কৰিছে। অৱশ্যে চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰী বিভাগৰ লগতে অনান্য বিভাগসমূহ নিয়মীয়াকৈ চলাই নিবলৈসকলো চিকিৎসকক নিৰ্দেশ দিয়া হয় বুলি প্ৰকাশ।













