![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে ক’ৰনা পৰিস্থিতি। ক’ভিড নিয়ন্ত্ৰণ কৰা বাবে প্ৰশাসনে জাৰি কৰিছে বহুতো নীতি-নিৰ্দেশনা। ইতিমধ্যে অৰ্ধ-লকডাউন পৰ্যায়ত বাহাল আছে ক’ভিড নিয়ন্ত্ৰণ নিৰ্দেশনা।
ইফালে এপাৰ্টমেণ্ট-অট্টালিকাৰ বাসিন্দাসকলৰ বাবেও ক’ভিডৰ নীতি-নিয়ম ঘোষণা কৰিছে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে।
এপাৰ্টমেণ্ট ছ’চাইটিসমূহে বাহিৰৰ দর্শনাৰ্থী প্ৰৱেশাধিকাৰ সীমিত কৰি দর্শনাৰ্থী নীতি-নিয়ম প্ৰয়োগ কৰিব। সকলো দর্শনাৰ্থী ভ্ৰমণ বিৱৰণ লিপিবদ্ধ কৰা হ’ব।
প্ৰতিটো এপাৰ্টমেণ্টৰ প্ৰৱেশদ্বাৰত নিধাৰিত স্থানত হাত ধোঁৱা ব্যবস্থা থাকিব। হাত ধোঁৱা কৌশলসমূহ পোষ্টাৰত উল্লেখ থাকিব। সম্ভৱ হ’লে প্ৰৱেশদ্বাৰত চেনিটাইজাৰ ৰাখিব।
এপাৰ্টমেণ্টৰ ভিতৰত ৰাজহুৱা সমাৱেশ হোৱা ঠাই, পার্ক, চুইমিং পুল, ফিটনেছ চেণ্টাৰ বন্ধ কৰা লগতে সমাবেশৰ অনুমতি দিয়া নহ’ব।
এপাৰ্টমেন্টৰ চৌহদত দৈনিক তিনিবাৰকৈ চাফা কৰা লগতে বীজাণুমুক্ত কৰা ব্যৱস্থা কৰিব।
উল্লেখ যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ফালৰ পৰা ক’ৰনা ৰোধ কৰা বাবে এপাৰ্টমেন্টৰ বাসিন্দালৈ জাৰি কৰা হৈছে এইসমূহ নীতি-নিয়ম।













